AASU ৰ এক বৃহৎ প্ৰতিবাদী কাৰ্য সূচী
উত্তৰপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোনবাস্তৱায়িত কৰি ২০১৯ বৰ্ষত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নিত কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে তিনিটাকৈ বৰ্ষ। ২০১৯ চনৰ ১৭ জুন তাৰিখে অধ্যাপক ড॰ দিবাকৰ চন্দ্ৰ ডেকাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিলে। কিন্তু বিশ্ববিদ্যালয়খনে তিনিটাকৈ বৰ্ষ অতিক্ৰম কৰাৰ পিছতো বিশ্ববিদ্যালয়খনত আজি পৰ্যন্ত আৰম্ভ নহ'ল স্নাতকোত্তৰ পাঠ্যক্ৰম। সেইহে শুক্ৰবাৰে অতি শ্ৰীঘ্ৰে মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দাবীত মাধৱদেৱ বিশ্ববিদ্যালয় আছু গোট আৰু মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্র সমাজে সাবস্ত্য কৰিব প্ৰতিবাদী কাৰ্যসূচী। উলেখ্য যে,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাংগনত শুক্ৰবাৰে দিনৰ ১১ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে।
Comments
Post a Comment